29 C
Guwahati
Sunday, October 2, 2022
More

    অসমৰ চুক্তিৰ আত্মাৰ ৬নং দফা শীঘ্ৰে ৰূপায়ন কৰিবলৈ কেন্দ্ৰক আহ্বান বিজেপিৰ বিধায়িনী দলৰ

    সাম্প্ৰতিক পৰিস্থিতিত পৰিকল্পিত ষড়যন্ত্ৰকাৰী তথা ছচিয়েল মিডিয়াত অশ্লীল বাৰ্তা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰক আহ্বান বিধায়িনী দলৰ

    বিজেপিৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত। বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক পদ্ম হাজৰিকাৰ। সংবিধান সংশোধন কৰি হ’লেও অসমীয়া ভাষাৰ সুৰক্ষাৰ ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক আহ্বান বিধায়িনী দলৰ। অসমৰ চুক্তিৰ আত্মাৰ ৬নং দফা শীঘ্ৰে ৰূপায়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈও বিধায়িনী দলে আহ্বান জনায়। প্ৰয়োজনত স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি হ’লেও জনগোষ্ঠী কেইটাৰ উন্নয়ন কৰিবলৈ আহ্বান জনায়।

    সাম্প্ৰতিক পৰিস্থিতিত পৰিকল্পিত ষড়যন্ত্ৰকাৰী তথা ছচিয়েল মিডিয়াত অশ্লীল বাৰ্তা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰক আহ্বান বিধায়িনী দলৰ। ৰাস্তা ঘাট খৰতকীয়া উন্নয়ন কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অসম চুক্তিৰ ৭নং দফা অনুসৰি সৰ্বস্তৰৰ অৰ্থনৈতিক উন্নয়নৰো আহ্বান। নিৱনুৱাক সংস্হাপনৰ লগতে চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত স্হানীয়সকলক নিযুক্তিৰ আহ্বান।

    ‘আমাৰ ভুল ক্ৰুতি হৈছে, আমাৰ ব্যৱহাৰেও ৰাইজক আঘাত দিছে, কম দিনৰ ভিতৰতে এটা ভাল পৰিবেশ দেখিবলৈ পাব।’- সংবাদ মাধ্যমৰ আগত এই মন্তব্য পদ্ম হাজৰিকাৰ। নলবাৰীৰ লেখীয়াকৈ অন্য সমষ্টিতটো শান্তি সমদল হ’ব বুলি মন্তব্য কৰে ৰঞ্জিত দাসে। তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, তেজপুৰতো শান্তি সমদলৰ বাবে সাজু বিজেপি। ২৬ ডিচেম্বৰত তিনিচুকীয়াত আৰু ২৭ ডিচেম্বৰত জাগীৰোডত শান্তি সমাবেশ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং