INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক আজি সন্ধিয়া CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ল। CBI আদালতৰ পৰা ৫ দিনৰ জিম্মাত বিচাৰিছিল আৰু ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আদালতৰ নিৰ্দেশ অনুসৰি ২৬ আগষ্টলৈ CBIৰ জিম্মাতে থাকিব।
প্ৰতিদিনে ৩০ মিনিটৰ বাবে পৰিয়ালৰ লোকে সাক্ষাৎ কৰিব পাৰিব।
CBI-এ বুধবাৰে নিশা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক INX মিডিয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। গোটেই নিশা CBIৰ মুখ্য কাৰ্যালয়ত আছিল। প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক ৰাউজ এভিনিউৰ CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ল।
চিদাম্বৰমক CBIৰ মুখ্য কাৰ্যালয়ৰ গেষ্ট হাউচৰ ছুইট নম্বৰ ৫ত ৰখা হৈছিল। গ্ৰেপ্তাৰ কৰাৰ পিছত চিদাম্বৰমক ৰাম মনোহৰ লোহিয়া হাস্পতালত লৈ যোৱা হৈছিল স্বাস্থ্য পৰীক্ষাৰ বাবে।