আইএনএক্স মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল। CBI-এ চিদাম্বৰমক ৫ দিনৰ জিম্মাত বিচৰাত ক্ষুৱ্ধ হৈ পৰিছিল ন্যায়াধীশ। ন্যায়াধীশে ক’লে যে CBI-এ প্ৰথম দিনাই কিয় ১৫ দিন বিচৰা নাছিল?
আপোনালোকে প্ৰতিদিনে কিমান প্ৰশ্ন কৰে চিদাম্বৰমক? আদালতৰ এই প্ৰশ্নত CBI-এ ক’লে আমি প্ৰতিদিনে ৮ৰ পৰা ১০ ঘণ্টা সোধা-পোছা কৰো। এই সন্দৰ্ভত ন্যায়াধীশে ক’লে আপোনালোকে ১০ ঘণ্টা সোধা-পোছা কৰে আৰু মোক মাত্ৰ ইমানখিনিহে পেপাৰ দিছে।
CBI-এ আদালতত ক’লে দ্ৱিতীয়বাৰলৈ জিম্মাৰ সময় বৃদ্ধি হোৱা বাবে কেইবাটাও ৰহস্যৰ উদঘাটন হোৱাৰ সম্ভাৱনা।