30 C
Guwahati
Sunday, July 3, 2022
More

    OYOক সংখ্যালঘু মঞ্চৰ জাননী, হোটেলত কাশ্মীৰী লোকক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ

    দিল্লী সংখ্যালঘু আয়োগে ক'লে যে যদি OYO ৰূমে সন্তোষজনক উত্তৰ দিব নোৱাৰে তেন্তে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব

    দিল্লী সংখ্যালঘু আয়োগ(DMC)-এ অনলাইন হোটেল এগ্ৰিগেটৰ (OYO) ৰূমৰ বিৰুদ্ধে জাৰি কৰিছে জাননী। জাননীত কোৱা হৈছে যে কাশ্মীৰৰ এজন লোকক জছোলা বিহাৰৰ এটা ৰূমৰ পৰা বঞ্চিত কৰা হৈছিল। DMC-এ এই ঘটনাটো ‘এগৰাকী বৈধ গ্ৰাহকৰ বিৰুদ্ধে বৈষ্যম ডাঙৰ অপৰাধ’ বুলি ক’লে।

    DMC-এ ৪ ছেপ্টেম্বৰলৈ এই উত্তৰ বিচাৰি আদেশ প্ৰদান কৰিছে যে এই ভেদাভেদ কিয় কৰা হ’ল? আয়োগৰ এগৰাকী বিষয়াই ক’লে যে অপৰাধীৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ল আৰু OYOৰ সংলগ্ন হোটেলসমূহে কৰা বৈষম্যৰ বাবে কি ক্ষতিপূৰণ কৰা হ’ল।

    দিল্লী চৰকাৰৰ এটা বিভাগে এইটো ক’লে যে কোম্পানীয়ে অসন্তোষজনক উত্তৰ প্ৰদান কৰিলে উচিত ক্ষতিপূৰণসহ পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং