কৰ’ণা ভাইৰাছ মহামাৰীয়ে মাতি আনিছে ভয়াবহ দুৰ্ভিক্ষৰ আগজাননী। এই দুৰ্ভিক্ষৰ সময়তে ভাৰত চৰকাৰ লগতে অসম চৰকাৰে দৰিদ্ৰ সকলৰ বাবে ব্যৱস্থা কৰিছে বিনামূলীয়া চাউলৰ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী পৰিয়ালসমূহৰ বাবে আৱণ্টিত
মাজুলী জিলাৰ দুখীয়া হিতাধিকাৰী পৰিয়ালসমূহৰ মাজত ১ এপ্ৰিল, ২০২০ৰ পৰা অনুজ্ঞা প্ৰাপ্ত সুলভ মূল্যৰ দোকানসমূহৰ জৰিয়তে বিতৰণৰ ব্যৱস্থা কৰিছে খাদ্য আৰু যোগান বিভাগ লগতে মাজুলী জিলা প্ৰশাসনে। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি হিতাধিকাৰীসকললৈ এই চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হৈছে৷ অন্ত্যোদয়া অন্ন যোজনা(AAY) আৰু অ-প্ৰাধিকাৰী (PH) কাৰ্ডৰ হিতাধিকাৰী পৰিয়ালসমূহে সুলভ মূল্যৰ দোকানৰ পৰা এই বিনামূলীয়া চাউল সংগ্ৰহ কৰিছে।

কিন্তু এই সংকটকালৰ সময়তো বিতৰণ ব্যৱস্থাত দেখা দিছে দুৰ্নীতি। AAY অধীনৰ চাউল ৩৫ কিলোৰ ঠাইত ৩১ কিলো আৰু PH ৰ অধীনত ৫ কিলোৰ ঠাইত ৪ কিলো চাউল প্ৰদান কৰি দৰিদ্ৰৰ মুখৰ ভাত কাঢ়ি খাইছে৷ মাজুলীৰ ৩০৫ জন এজেন্টৰ অধিকাংশ এজেন্টে এনে দুৰ্নীতি কৰা দেখা হৈছে। উল্লেখ্য যে মাজুলীত প্ৰায় ৩১ হাজাৰ হিতাধীকাৰী আছে।
Photo Credit: @kalpajitsaikia