26 C
Guwahati
Wednesday, September 28, 2022
More

    কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ মন্ত্ৰীৰ স্বীকাৰোক্তি- বিশ্বই আমাৰ নহয় ভাৰতৰ কথা শুনে

    পাকিস্তানৰ মন্ত্ৰীও এই কথা স্বীকাৰ কৰিলে যে বিশ্বৰ কোনোৱে পাকিস্তানৰ কথা নাই শুনা আৰু যিয়ে শুনিছে সেইসকলে বিশ্বাস নাই কৰা

    জম্মু-কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা পাকিস্তান এতিয়া হৈ পৰিছে গুৰুত্বহীন। পাকিস্তানৰ মন্ত্ৰীও এই কথা স্বীকাৰ কৰিলে যে বিশ্বৰ কোনোৱে পাকিস্তানৰ কথা নাই শুনা আৰু যিয়ে শুনিছে সেইসকলে বিশ্বাস নাই কৰা। পাকিস্তানৰ গৃহ মন্ত্ৰী ব্ৰিগেডিয়াৰ এজাজ আহমেদ শ্বাহে ক’লে এই কথা।

    এজাজ আহমেদ শ্বাহে ক’লে যে জম্মু-কাশ্মীৰ সন্দৰ্ভত আমাৰ কথা কোনোৱে বিশ্বাস নাই কৰা, আমি কওঁ যে ভাৰতে কাশ্মীৰত জাৰি কৰিছে সান্ধ্য আইন আৰু তাত অত্যাচাৰ চলাই আছে। কিন্তু কোনোৱে আমাৰ কথাত মান্তি নহয় আৰু সকলোৱে ভাৰতকে বিশ্বাস কৰে।

    এক সাক্ষাত্কাৰৰ জৰিয়তে পাকিস্তানৰ মন্ত্ৰীয়ে ক’লে যে বৰ্তমান আমাৰ দেশৰ কথা কোনোৱে শুনিব বিচৰা নাই, এয়া এদিনৰ কাম নহয়। দেশ চলোৱাসকলে সলনি কৰি দিছে সকলো, বৰ্তমানলৈ যিয়ে চৰকাৰ চলাইছে সেইজনে পাকিস্তানৰ পৰিৱেশ অশান্ত কৰি তুলিছে।

    Photo credit: www.jansatta.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং