28 C
Guwahati
Tuesday, October 4, 2022
More

    সুখবৰঃ গোৱাৰ পিছত এইবাৰ মণিপুৰ হ’ল কৰ’ণা সংক্ৰমণ মুক্ত

    মণিপুৰত কৰ'ণা সংক্ৰমণৰ দুটা ঘটনা পোহৰলৈ আহিছিল। দুয়োজনৰে ৰিপৰ্ট নিগেটিভ অহাৰ পিছত ৰাজ্যখন কৰ'ণা মুক্ত হৈ উঠিছে

    যিসময়ত দেশে কৰ’ণাৰ বিৰুদ্ধে যুঁজ দি আছে সেই সময়তে ২খন ৰাজ্যৰ পৰা এটা সুখবৰ পোৱা গৈছে। গোৱাৰ পিছত এইবাৰ মণিপুৰ কৰ’ণা সংক্ৰমণ মুক্ত হ’ল। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে এই বিষয়ে টুইটাৰযোগে জনায়। তেওঁ ক’লে, মই এই কথাটো কবলৈ পাই যথেষ্ট সুখী হৈছো যে মণিপুৰ কৰ’ণা মুক্ত হ’ল। প্ৰতিজন ৰোগী সুস্থ হৈ উঠিছে আৰু তেওঁলোকৰ ৰিপৰ্ট নিগেটিভ ওলাইছে। ৰাজ্যখনত ভাইৰাছৰ কোনো নতুন ঘটনা পোহৰলৈ অহা নাই।

    মণিপুৰত কৰ’ণা সংক্ৰমণৰ দুটা ঘটনা পোহৰলৈ আহিছিল। দুয়োজনৰে ৰিপৰ্ট নিগেটিভ অহাৰ পিছত ৰাজ্যখন কৰ’ণা মুক্ত হৈ উঠিছে। ৰাজ্যখনৰ প্ৰথমজন কৰ’ণা সংক্ৰমিত ৰোগী ২৩ বছৰীয়া এগৰাকী মহিলা আছিল, মহিলাগৰাকী ব্ৰিটেইনৰ পৰা উভতিছিল। আনহাতে ৬৫ বছৰীয়া আনজন ৰোগী দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতত অংশ লোৱাৰ পিছত ভাইৰাছৰ কৱল পৰিছিল।

    গোৱাত কৰ’ণা ভাইৰাছত সংক্ৰমিত আটাইকেইজন ৰোগী সুস্থ হৈ উঠিছে আৰু আটাইজনকে হাস্পতালৰ পৰা ঘৰলৈ পঠিওৱা হৈছ। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিত ৰানেই এই কথা জনাই কয় যে ইয়াৰ লগতে বৰ্তমান গোৱাত কৰ’ণা সংক্ৰমিত কোনো সক্ৰিয় ৰোগী নাই আৰু এতিয়া কৰ’ণা মুক্ত হৈছে গোৱা।

    Photo credit: Facebook

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং