বুধবাৰে পুৱতি নিশা ওৰাঙৰ গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮জন যুৱকৰ পৰিচয় উদ্ধাৰ। মঙলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়াখাই উভতি আহি থকাৰ পথতে সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নিহত যুৱককেইজনৰ নাম ক্ৰমে মিছন চাৰিআলিৰ দিগন্ত শইকীয়া, তেজপুৰৰ ৰিংকু শইকীয়া, ঠেলামৰাৰ ৰঞ্জিত ডেকা, নতুনপাৰাৰ পাৰ্থ পুৰি, দেৰগাঁৱৰ নাৰায়ণ দাস, তেজপুৰৰ পিংকু বৰা, পৰুৱা চাৰিআলিৰ কমল দেৱ নাথ আৰু কাৱৈমাৰিৰ সুশিল শৰ্মা।

আনহাতে নিহত পিংকু বৰা তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক।

Ertiga গাড়ীৰ ৰৈ থকা ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ফলত থিতাতে নিহত হয় আটাইকেইজন যুৱক।