27 C
Guwahati
Sunday, October 2, 2022
More

    এটা মাত্ৰ SMS কৰিলেই ঘৰতে পাব চিলিণ্ডাৰ, দুটাকৈ নম্বৰ দিছে IOC য়ে

    এপ ডাউনলোড কৰিও এপৰ জৰিয়তে চিলিণ্ডাৰ লবলৈ আহ্বান

    লকডাউনৰ বাবে ঘৰতে আৱদ্ধ হৈ পৰিছে লোকসকল। যাৰ বাবে কিছুমানে ভুৱা বাতৰি বিয়পাইছে যে নাটনি হব ৰন্ধৰ গেছৰ। পিছে এই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই উত্তৰ পূৱ ভাৰতৰ ভাৰতীয় তেল নিগমৰ প্রধান মহাব্যৱস্থাপক জি ৰমেশৰ গ্ৰাহকক অভয়বাণী।

    অসম আৰু উত্তৰ পূৱত পৰ্যাপ্ত পৰিমাণত মজুত আছে ৰন্ধন গেছৰ চিলিণ্ডাৰ। সময়মতেই গ্ৰাহকে পাব সকলো চিলিণ্ডাৰ। এটা মাত্ৰ এছ এম এছ কৰিলেই পাব চিলিণ্ডাৰ। যাৰ বাবে দুটা কৈ নম্বৰো সদৰি কৰিছে জি ৰমেশে।

    এটা হৈছে চিলিণ্ডাৰ বুক কৰিবৰ বাবে অল্টাৰনেট নম্বৰ ৭৬৭০০২৪৩৬৫ (7670024365), এন্য এটা হৈছে whats app নম্বৰ ৭৫৮৮৮৮৮৮২৪ (7588888824)। এই হোৱাটছ এপ নম্বৰটোত REFILL বুলি এছ এম এছ এটা কৰিব লাগিব। অৱ্শ্য সবিশে জানিবৰ বাবে ইণ্ডিয়ান অইল কৰপ’ৰেছনৰ ৱেব ছাইটটোত গৈ চাবলৈ দিছে।

    এপ ডাউনলোড কৰিও এপৰ জৰিয়তে চিলিণ্ডাৰ লবলৈ আহ্বান জনাই প্রধান মহাব্যৱস্থাপকগৰাকীয়ে। লগতে ইয়াকো কয় যে প্ৰতিজন এল পি জি চিলিণ্ডাৰ যোগানকাৰীকে এই লকডাউনৰ সময়ত দিয়া হ’ব একোখনকৈ পাছ। যাতে বিতৰণৰ সময়ত কোনো অসুবিধাত নপৰে তেওঁলোক।

    Photo Credit: Time8

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং