অনলাইন যোগে নাৰীদেহ ব্যৱসায় চক্ৰ চলাই আৰক্ষীৰ জালত পৰিল এজন যুৱক। ধৃত যুৱকজন ওড়িশাৰ দিলীপ শাহু। ধৃত যুৱকজনে বিগত বহু দিন ধৰি অনলাইনযোগে গ্ৰাহকক যোগান ধৰি আহিছিল যুৱতী।
মঙলবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু গীতানগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যুটীয়াভাৱে অভিযান চলাই মহানগৰীৰ জু তিনিআলিৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক।
আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে 34 (ITP), 67 (IT) ACT ধাৰাৰ অধীনত গীতানগৰ থানাত 421 /19ত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে পূৰ্বেও চানমাৰী থানাত এনে এক গোচৰত অভিযুক্ত আছিল ধৃত দিলীপ শাহুয়ে।