33 C
Guwahati
Wednesday, September 28, 2022
More

    অবৈধ সুৰাৰ ঘাটি বন্ধ কৰিবলৈ যোৱা যুৱকক হত্যা কৰিলে ব্যৱসায়ীয়ে

    যোৰহাটৰ ৰায় বাহাদুৰ লেনত নৃশংস হত্যাকাণ্ড। অবৈধ সুৰা বন্ধ কৰিবলৈ গৈ মদ বেপাৰীৰ প্ৰহাৰত মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল এজন যুৱকে। অঞ্চলটোত অবৈধভাৱে ব্যৱসায় কৰি অহা অতুল দাস ওৰফে বগাই নামৰ ব্যক্তিজনৰ সুৰাৰ এটা ঘাটি বন্ধ কৰিবৰ বাবে চেষ্টা চলাইছিল একেটা অঞ্চলৰ নিবাসী আশিস বৰা নামৰ যুৱকজনে আৰু এই কথাত ক্ষুব্ধ হৈ অতুল দাসৰ পুত্ৰ ছনুৱে মূৰত বেয়াকৈ আঘাত কৰাৰ লগতে চোকা অস্ত্রৰে বুকুত আক্ৰমণ কৰে আশিসৰ।

    গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আশিসক স্থানীয় ৰাইজে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় যদিও হাস্পতালতে মৃত্যুক সাৱতি লয় আশিসে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অতুল দাস ওৰফে বগাইক আটক কৰিছে যদিও আৰক্ষীৰ হাতৰ পৰাই ছনুৱে পলাই সাৰিবলৈ সক্ষম হোৱাৰ অভিযোগ। পলাতক ছনুৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং