তিতাবৰত নিশা গুলীচালনাৰ ঘটনা। তিতাবৰৰ বেছিক তিনিআলি ৰে’ল গে’টৰ সমীপত এজন যুৱকে গুলীয়ালে আন এজন যুৱকক। জানিব পৰা হোৱা নাই গুলীচালনাৰ কাৰণ।
গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰঞ্জন বৰুৱা নামৰ যুৱকজনক প্ৰথমে তিতাবৰ মহকুমা অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰে যোৰহাট চিকিত্সা মহাবিদ্যালয়লৈ।
আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে যুৱকজনে। কিন্তু পিছত ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অভিযান চলাই আটক কৰে গুলীচালনা কৰা ধ্ৰুৱ শইকীয়া নামৰ যুৱকজনক। লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।