30 C
Guwahati
Tuesday, October 4, 2022
More

    মোবাইল বিস্ফোৰণ ঘটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল যুৱক

    বন্ধুৰ ঘৰৰ পৰা আহি থকা অৱস্থাতে বিস্ফোৰণ ঘটে যুৱকজনৰ পকেটত ৰখা লাভা কোম্পানীৰ মোবাইলটো, ফলত শৰীৰৰ বিভিন্ন অংশত আঘাত পায় ১৯ বছৰীয়া যুৱকজনে

    দৰং জিলাৰ দলগাঁৱত মোবাইল বিষ্ফোৰণত আহত এজন যুৱক। বন্ধুৰ ঘৰৰ পৰা আহি থকা অৱস্থাতে বিস্ফোৰণ ঘটে যুৱকজনৰ পকেটত ৰখা লাভা কোম্পানীৰ মোবাইলটো, ফলত শৰীৰৰ বিভিন্ন অংশত আঘাত পায় ১৯ বছৰীয়া যুৱকজনে। দলগাঁৱৰ মাধৱগোহাঁইত সংঘটিত হৈছে এই ঘটনা।

    ঘটনাটো সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আহত ছামদুল ইছলাম নামৰ যুৱকজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় হাস্পতাললৈ। আনহাতে মোবাইল বিস্ফোৰণ ঘটি যুৱকজন আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং