26 C
Guwahati
Tuesday, March 21, 2023
More

    এটা বছৰ অতিক্ৰম কৰিলে ভয়ংকৰ পুলৱামা আক্ৰমণে

    ২০১৯ৰ আজিৰ দিনটোতে সংঘটিত হৈছিল পুলৱামাত আত্মঘাটী আক্ৰমণ

    ভয়ংকৰ পুলৱামা আক্ৰমণৰ সম্পূৰ্ণ হ’ল এটা বছৰ। ২০১৯ৰ আজিৰ দিনটোতে সংঘটিত হৈছিল পুলৱামাত আক্ৰমণ। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গৈছিল ৪০জন CRPF জোৱানৰ। জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰকভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত বিস্ফোৰণ সংঘটিত হৈছিল।

    জম্মু-শ্ৰীনগৰ ঘাইপথত সংঘটিত হৈছিল দেশ কঁপোৱা এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ ঘটাই নিঃশেষ কৰিছিল বহু জোৱানৰ জীৱন। আজিৰ ১৪ ফেব্ৰুৱাৰী দিনটোতেই দুপৰীয়াৰ সময়ত চিআৰপিএফৰ কনভয়ত সংঘটিত হৈছিল এই আত্মঘাটী আক্ৰমণ। শ্ৰীনগৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই বিস্ফোৰণ।

    ছহিদ জোৱানৰ প্ৰতি দেশবাসীৰ শত-সহস্ৰ প্ৰণাম। জোৱানৰ স্মৃতিত লেথপুৰা কেম্পত নিৰ্মাণ কৰা স্মাৰক উন্মোচন কৰা হ’ব আজি। স্মাৰকত থাকিব শ্বহীদ জোৱানসকলৰ ফটোৰ সৈতে নাম।

    Photo Credit: The Indian Express

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং