12.5 C
Guwahati
Saturday, January 29, 2022
More

    কৰ’ণাতংকঃ কাজিৰঙাত ৬ দিনে আৱদ্ধ এজন বিদেশী পৰ্যটক

    বৰ্তমান তেওঁ নিজ দেশৰ বেংক সেৱাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে। দিল্লীৰ পৰা আহি কাজিৰঙাত কেইদিন মান কটাই স্বদেশলৈ উভতি যোৱাৰ পৰিকল্পনা আছিল পৰ্যটকগৰাকীৰ

    বিশ্বজুৰি এতিয়া কৰ’নাৰ আতংক। এনে সময়ত কাজিৰঙাত আৱদ্ধ এজন বিদেশী পৰ্যটক। বিগত ১৪ মাৰ্চত দিল্লীৰ পৰা আহি কাজিৰঙাত উপস্থিত হোৱা ছুইডেনৰ পৰ্যটকজনৰ নিজ দেশলৈ উভতি যোৱাত সৃষ্টি হৈছে বাধাৰ। দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল হোৱাত তীব্ৰ আৰ্থিক সংকটত পৰিছে বিদেশী পৰ্যটকজন ৷

    বৰ্তমান তেওঁ নিজ দেশৰ বেংক সেৱাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে। দিল্লীৰ পৰা আহি কাজিৰঙাত কেইদিন মান কটাই স্বদেশলৈ উভতি যোৱাৰ পৰিকল্পনা আছিল পৰ্যটকগৰাকীৰ৷ কিন্তু কাজিৰঙাত উপস্থিত হোৱাৰ পিছতে হঠাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ পৰিল৷ সেইবাবে তেওঁ নিজ দেশলৈ যোৱাৰ বাবে বিমানৰ টিকট বুকিং কৰিলে যদিও বৰ্তমানৰ পৰিস্থিতিত দুবাৰকৈ বাতিল হ’ল বিমান সেৱা।

    সিমিত বাজেটেৰ ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকগৰাকী এতিয়া দীৰ্ঘ দিনৰ বাবে আৱদ্ধ হৈ পৰাত দেখা দিছে আৰ্থিক অনাটনে৷ কিন্তু স্থানীয় লোকে তেওঁক থকা-খোৱাৰ ক্ষেত্ৰত যিমান পাৰে সহায় আগবঢ়াইছে। অৱশ্যে তেওঁৰ কাজিৰঙা ভ্ৰমনৰ গাইড গৰাকীৰ কিছু আৰ্থিক সহযোগত দুই এদিনতে কাজিৰঙাৰ পৰা যোৱাৰ ব্যৱস্থা কৰিছে।

    উল্লেখ্য যে ছুইডেনৰ পৰ্যটকজন সাত বছৰৰ পূৰ্বে কাজিৰঙালৈ আহি অভিভূত হৈ পৰিছিল৷ বিদেশী পৰ্যটকজনৰ পিঠিত গঁড়ৰ টাটুও বনাইছে। বিপদৰ সময়ত স্থানীয় লোকৰ সহযোগিতাক তেওঁ প্ৰশংসা কৰে।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং