16 C
Guwahati
Wednesday, December 1, 2021
More

    আজাৰা আৰক্ষীৰ জিম্মাত সন্দেহজনক বাংলাদেশী নাগৰিক

    ধৃত লোকজনৰ নাম মহম্মদ ছহম আলী

    আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত আগছিয়াৰ পৰা আজাৰা আৰক্ষীয়ে আটক কৰে এজন সন্দেহজনক বাংলাদেশী নাগৰিক। আগছিয়া অঞ্চলটোত কিছুদিন ধৰি ঘূৰি ফুৰি থকাত ৰাইজৰ সন্দেহ হোৱাত স্থানীয় লোকে আজাৰা আৰক্ষীক খবৰ দিয়ে লোকজনৰ বিৰুদ্ধে।

    আৰক্ষী সেই স্থানত উপস্থিত হৈ লোকজনক থানালৈ আনি সোধাপোছা কৰি জেললৈ প্ৰেৰণ কৰে। ধৃত লোকজনৰ নাম মহম্মদ ছহম আলী। লোকজন বাংলাদেশৰ কুইটৰ বাসিন্দা বুলি জানিবলৈ পোৱা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং