25.4 C
Guwahati
Thursday, October 14, 2021
More

    তামুলপুৰত পথ দুৰ্ঘটনা, মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ এজন ছাত্ৰ নিহত

    দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। ততালিকে স্থানীয় লোকে আহত যুৱকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎকে বিগেনক মৃত বুলি ঘোষণা কৰে

    তামুলপুৰ মহকুমা সদৰৰ বজাৰ চকত ৰঙিয়া ভূটান পথত টেক্টৰৰ খুন্দাত নিহত হয় উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ১৮ বছৰীয়া ছাত্ৰ। নিহত ছাত্ৰজনৰ নাম বালাবাৰী গাঁৱৰ বিগেন মিত্ৰ। জানিব পৰা মতে বিগেন মিত্ৰই বাইকেৰে তামুলপুৰ ঘগ্ৰাচকৰ পৰা মটঙা চকৰ পিনে আহি থাকোতে মাটি কঢ়িয়াই অনা এখন ট্ৰেক্টৰে প্ৰচণ্ড খুন্দা মাৰে।

    দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। ততালিকে স্থানীয় লোকে আহত যুৱকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎকে বিগেনক মৃত বুলি ঘোষণা কৰে। ইফালে একেখন বাইকতে বিগেনৰ লগত অহা বালাবাৰী গাঁৱৰ নৱজিৎ মিত্ৰ(২১) নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়। আহত নৱজিৎ মিত্ৰক তামুলপুৰৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং