28 C
Guwahati
Wednesday, October 27, 2021
More

    ধেমাজিত পথ দুৰ্ঘটনা, এজন থিতাতে নিহত

    নিহত বাছখনৰ হেন্দিমেনৰ নাম ঘিলামৰা ঢাপলিয়াল গাঁৱৰ হিৰণ্য চুতীয়া

    ধেমাজি জীয়াঢল চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড়-ধেমাজি-ঢকুৱাখনা অভিমুখী হেমাংগ বাছখন ৰখাই থোৱা অৱস্থাত পাছফালৰ পৰা অহা As-22C-4160 ট্ৰাকখনে হঠাৎ মহতিয়াই নিয়ে। দুৰ্ঘটনাটোৰ ফলত বাছখনত অহা হেন্দিমেনজনৰ থিতাতে নিহত হয়।

    নিহত বাছখনৰ হেন্দিমেনৰ নাম ঘিলামৰা ঢাপলিয়াল গাঁৱৰ হিৰণ্য চুতীয়া। মহতিয়াই নিয়া ট্ৰাকখনো ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা খাৱৈত বাগৰি পৰে। স্থানীয় লোকে জানিবলৈ দিয়া মতে ট্ৰাকত অহা দুজন লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং