বাক্সাৰ আঠিয়াবাৰীত এগৰাকী যুৱতীক চুৰিকাঘাত কৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় প্ৰেমিক যুৱকে। প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবেই প্ৰেমিকে সংঘটিত কৰিলে এই ঘটনা।
অাঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ প্ৰেমিক যুৱক সৌৰভ দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল সহপাঠী এগৰাকী যুৱতীক। কিন্তু প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে যুৱতীগৰাকীক চুৰিকাঘাত কৰে যুৱকজনে।
যুৱতীগৰাকীক চুৰিৰে আঘাত কৰাৰ পিছত যুৱকজনে নিজ বাসগৃহৰ চৌহদতে চিপ লৈ আত্মহত্যা কৰে। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ততালিকে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
photo credit: independent.co.uk