16 C
Guwahati
Thursday, January 13, 2022
More

    Coronavirusৰ সন্ত্ৰাসৰ মাজতে Hantavirusত আক্ৰান্ত হৈ চীনত এজনৰ মৃত্যু

    কৰণাৰ আতংক মাৰ নৌযাওতে চীনত আন এক ভাইৰাছ-হাণ্টা ভাইৰাছ

    চীনৰ য়ুহানৰ পৰা অহা কৰ’ণা ভাইৰাছৰ ফলত বহু লোকে প্ৰাণ হেৰুওৱাৰ পিছতে সমগ্ৰ বিশ্বৰ লোকৰ মাজত সৃষ্টি হৈছে আতংকৰ। কোবিড-১৯ৰ সৈতে কেনেদৰে যুঁজিব বৰ্তমান সেই সন্দৰ্ভত আলোচনা চলি আছিলেই কি আন এটা ভাইৰাছ বিয়পি পৰাৰ খবৰ পোহৰলৈ আহিছে। সমগ্ৰ বিশ্বত বৰ্তমান সময়ত কৰ’ণা ভাইৰাছত সংক্ৰমিত হৈছে ৩৮১,৬৩ গৰাকী লোক। ইফালে ১৬,৫৫৮ গৰাকী লোকে ইতিমধ্যে হেৰুৱাইছে প্ৰাণ। ১০২, ৪২৯ গৰাকী লোক এতিয়ালৈ সুস্থ হৈ উঠিছে। মঙলবাৰে পুৱালৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫০০তকৈ অধিক হৈছে।

    গ্ল’ৱেল টাইমছে জনোৱা অনুসৰি সোমবাৰে চীনৰ য়ুনানত এজন লোক হাণ্টা ভাইৰাছত সংক্ৰমিত হৈ প্ৰাণ হেৰুৱাই। বাছৰে নিজৰ কৰ্মক্ষেত্ৰলৈ যোৱাৰ সময়তে মৃত্যুক সাৱটে লোকজনে। বৰ্তমান বাছখনত যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীক কৰা হৈছে টেষ্ট। এই লোকজনৰ মৃত্যু হোৱাৰ পিছতে টুইটাৰত দ্ৰুতগতিত ট্ৰেণ্ড হয় হাণ্টা ভাইৰাছ। কোবিড-১৯ৰ পিছত এতিয়া হাণ্টাক লৈ আতংকত ভুগিছে সকলো।

    হাণ্টা ভাইৰাছ আন ভাইৰাছৰ দৰে বতাহত নিবিয়পে। এই ভাইৰাছ বিয়পে নিগনিৰ পৰা। আমেৰিকাৰ সংস্থা CDCৰ তৰফৰ জনোৱা হৈছে যে যদিও এই ভাইৰাছ নিগনিৰ পৰা বিয়পে কিন্তু কোনো এজন সুস্থ লোকো এই সংস্পৰ্শত আহিলে সংক্ৰমিত হোৱাৰ সম্ভাৱনা।

    Photo credit: newsd.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং