33 C
Guwahati
Wednesday, September 21, 2022
More

    দেৰগাঁৱৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

    মৃত যুৱক জন দেৰগাঁৱৰ জেলেহুৱাৰ সঞ্জীৱ বৰা। JMCHত মৃত্যু হয় সঞ্জীৱৰ

    দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল দ্ৰুতবেগী ছুইফট ডিজায়াৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ৪ গৰাকীতকৈ অধিক যাত্ৰী। আহত আটাইকেইজন যাত্ৰীকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিত্সাধীন যাত্ৰীকেইজনৰ ভিতৰত এজন যুৱকৰ মৃত্যু। মৃত যুৱক জন দেৰগাঁৱৰ জেলেহুৱাৰ সঞ্জীৱ বৰা। JMCHত মৃত্যু হয় সঞ্জীৱৰ।

    আনহাতে আহত আনকেইগৰাকী যাত্ৰী বৰ্তমানেও চিকিত্সাধীন JMCH ত। দুৰ্ঘটনাটোৰ ফলত বাহনখন ভাঙি চূৰমাৰ হৈ যায়। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ৰচিৰে টানি বাহনখন উদ্ধাৰ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং