27 C
Guwahati
Friday, September 30, 2022
More

    ভয়ংকৰ দুৰ্ঘটনা! এজনৰ মৃত্যু, ৪৫জনৰো অধিক আঘাতপ্ৰাপ্ত

    যাত্ৰীবাহী বাছ আৰু টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে প্ৰায় ৪৫জন লোক

    কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে প্ৰায় ৪৫জন লোক। ইয়াৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়।

    গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন, বিপৰীতে নগাঁও অভিমুখে আহি আছিল টেংকাৰখন। সেই সময়তে কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। আহত আটাইকেইগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত। আৰক্ষী আৰু স্থানীয় ৰাইজে হাস্পতালত ভৰ্তি কৰোৱায় আহতসকলক।

    Photo : Dipu Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং