মেঘালয়ত ৰাতাচৰাত দপদপকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ, চাওক ভিডিঅ’

অগ্নিদগ্ধ বাছখন কৰিমগঞ্জৰ বাজাৰিছড়াৰ পৰা গুৱাহাটী আহি অভিমুখী আছিল। যান্ত্ৰিক বিজুতিৰ বাবেই বাছখন জ্বলি উঠাৰ সন্দেহ কৰা হৈছে

0
249

নেটৱৰ্ক নাইট চুপাৰত বিধ্বংসী অগ্নিকাণ্ড। ৰাজপথত হঠাৎ দপদপকৈ জ্বলি উঠে এখন যাত্ৰাবাহী বাছ। অসম-মেঘালয় সীমান্তৰ ৰাতাচৰাত সংঘটিত হৈছে এই ঘটনা। নেটৱৰ্ক ট্ৰেভেলচৰ বাছ জ্বলি ছাই হৈ যায় অগ্নিকাণ্ডৰ ফলত।

চাওক VIDEO

অগ্নিকাণ্ডত পথৰ দাঁতিত থকা এখন দোকান আৰু এটা ঘৰো ভস্মীভূত হয়। দুৰ্ঘটনাটোৰ ফলত কোনো যাত্ৰী হতাহত হোৱা নাই। গুৱাহাটীৰ পৰা শিলচৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

অগ্নিদগ্ধ বাছখন কৰিমগঞ্জৰ বাজাৰিছড়াৰ পৰা গুৱাহাটী আহি অভিমুখী আছিল। যান্ত্ৰিক বিজুতিৰ বাবেই বাছখন জ্বলি উঠাৰ সন্দেহ কৰা হৈছে।