13.9 C
Guwahati
Tuesday, January 25, 2022
More

    গুৱাহাটীৰ আৰু এখন ঠাই কণ্টেইনমেণ্ট জ’ন ঘোষিত, আজি দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী এই নিৰ্দেশনা

    ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে মহানগৰীত আৰু এখন ঠাই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষিত কৰা হৈছে। এইবাৰ এই তালিকাত সোমাইছে পাণ্ডু ৰে’লৱে নিউ কলনি।

    এই অঞ্চলৰ পৰা এজন লোকৰ শৰীৰত মহামাৰী ভাইৰাছ বিধৰ উপস্থিতি ধৰা পৰা পিছতে এই সিদ্ধন্ত লয় প্ৰসাশনে। অঞ্চলটোৰ অন্য লোক সকলৰ সুৰক্ষাৰ বাবেই এই সিদ্ধান্ত। আজি দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা গুৱাহাটী প্ৰসাসনৰ।

    পৰৱৰ্তী ১৪টা দিনৰ বাবে এই অঞ্চলটোৰ পৰা কোনেও বাহিৰ ওলাই যাব নোৱাৰিব। তথা কোনো অন্য লোক বাহিৰ পৰা আহিব নোৱাৰিব।

    এই কণ্টেইনমেণ্ট জ’নটোৰ সীমা নিৰ্ধাৰণ কৰা হৈছে উত্তৰে ৰে’লৱে কলনি কোৱাৰ্টাৰ, দক্ষিণে নিউ কলনি ৰোড, পূৱে জয় হিন্দ ক্লাৱ চাৰিআলি আৰু পশ্চিমে ৰে’লৱে কলনি ৰোড।

    Photo Credit: Twitter (Representative image)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং