33 C
Guwahati
Tuesday, September 27, 2022
More

    সকলো সীমাবদ্ধতা ভাঙি বিশ্বৰ সমলিংগৰ বিবাহৰ তালিকাত সোমাল আৰু এখন দেশ

    অনুমতি লাভৰ পিছতে মাজনিশাই বিয়া পাতিলে দেশখনৰ প্ৰথমটো সমলিংগ যুটিয়ে

    সমলিংগ বিবাহ এতিয়াও বিশ্বৰ বহু প্ৰান্তত অবৈধ। ইয়াক সমাজৰ অহিত কাৰক হিচাপে জ্ঞান কৰি অহা হৈছে। পৰিয়ালত যদি কোনো এই বিবাহৰ সমৰ্থনকাৰী ওলাইয়ো তাক জোৰ-জুলুমকৈ ইয়াৰ পৰা আঁতৰত ৰখা হৈছে। মুঠতে বৰ্তমানেও বহু দেশে এই বিবাহ বা এনে সম্বন্ধ স্বীকাৰ কৰা নাই।

    কিন্তু তাৰ মাজতেই বুধবাৰ ২৭ মে’ৰ মাজ নিশা সমলিংগৰ বিবাহৰ তালিকাত সোমাল আৰু এখন দেশ। লেটিন আমেৰিকাৰ কষ্টাৰিকা এই তালিকাৰ ষষ্ঠখন দেশ হিচাপে এতিয়াৰ পৰা পৰিচিত হ’ব। এই বিবাহত দেশখনৰ চৰকাৰে অনুমতি প্ৰদানৰ পিছতে দেশখনৰ ভিন্ন প্ৰান্তৰ ফটকা ফুটাই উল্লাস ব্যক্ত কৰে ভিন্ন জনে।

    মাজ নিশাই দেশখনৰ প্ৰথমটো যুটিয়ে এই অনুমতি লাভ কৰাৰ পিছতে বিবাহ কৰায়। মহামাৰীৰ এই সময়তো এনে এটা খবৰে সমলিংগ প্ৰেমিক সকলৰ মাজত এতিয়া সুখৰ বন্যা বোৱাইছে। বহুতৰে মন্তব্য এতিয়াৰ পৰাহে তেওঁলোকে সমঅধিকাৰ লাভ কৰাৰ দৰে সুখ পাইছে।

    Photo Credit: The Magazine

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং