12.5 C
Guwahati
Saturday, January 29, 2022
More

    গোলাঘাটত কোৱাৰাইণ্টাইন কক্ষৰ খিৰিকী ভাঙি পলায়ন এজনৰ

    অৱশ্যে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল

    গোলাঘাট জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰাইণ্টাইন কক্ষৰ পৰা পলায়ন এজনৰ। ১৪ দিনৰ আগতে বোকাখাতস্থিত কেন্দ্ৰীয় আছুতীয়া কক্ষত ভৰ্তি কৰা হৈছিল যুৱকজনক।

    পশ্চিমবংগৰ কলিকতাৰ যুৱকজনে আছুতীয়া কক্ষৰ খিৰিকী ভাঙি নিশা অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে। যোৱা ১ মে’ তাৰিখে স্বাস্থ্যৰ কিছু অৱনতি ঘটাত যুৱকজনক লৈ অনা হৈছিল কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ।

    অৱশ্যে ৩৮ বছৰীয়া মুকুল মিত্ৰ নামৰ যুৱকজনৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল। সেয়েহে যদিও যুৱকজনে পলায়ন কৰিছে বিশেষ কোনো চিন্তাৰ কাৰণ নাই বুলি সদৰি কৰিছে হাস্পতালৰ কৰ্তৃপক্ষই।

    Photo Credit: @rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং