হোজাই জিলাৰ নীলবাগানত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। কনিষ্ঠ ভাতৃয়ে চোকা অস্ত্ৰৰে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক। চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত নাজিম উদ্দিন নামৰ লোকজনক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে যদিও আদবাটতে মৃত্যুক সাবটি লয় লোকজনে।
উল্লেখযোগ্য যে মাটিক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আছিল কাজিয়া। আৰু অৱশেষত দুই ভাতৃৰ সংঘাতৰ পৰিণতিত সংঘটিত হয় ভয়ংকৰ ঘটনা। তৰ্কাতৰ্কি চলি থকাৰ মাজতে কনিষ্ঠজনে চোকা অস্ত্ৰৰে হত্যা কৰে জ্যেষ্ঠ ভাতৃক।
আনহাতে ভাতৃক হত্যা কৰাৰ পিছতে থানাত আত্মসমৰ্পণ কৰে নাজিম উদ্দিন নামৰ লোকজনে। নীলবাগান আৰক্ষী পহৰা চকীলৈ গৈ সকলো কথা কয় নাজিম উদ্দিনে। আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।