28 C
Guwahati
Thursday, October 28, 2021
More

    দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় বাসীন্দা

    ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল গঁড়টো

    ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ে আতংকিতময় পৰিৱেশ কৰি তোলে দৰঙৰ শ্যামপুৰত। শ্যামপুৰ থানাৰ অন্তৰ্গত ২ নং শ্যামপুৰ চৰৰ মাকৈ খেতিত শনিবাৰে পূৱা মুক্তভাৱে বিচৰণ কৰা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে শ্যামপুৰ আৰক্ষীক।

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষক খবৰ দিয়াত উদ্যানখনৰ বন সুৰক্ষা কৰ্মীৰ দল এটাই দুটাকৈ হাতীসহ আৰু মঙলদৈ বন সংমণ্ডল দল উপস্থিত হৈ যৌথভাৱে গড়টো ওৰাং ৰাষ্ট্ৰী উদ্যানত ওভতাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখে যদিও গড়টো ঘন মাকৈ খেতিত সোমাই পৰে।

    আজি পুৱাৰ ভাগত হে ৪.৪৫ বজাত আতংক সৃষ্টিকাৰী গঁড়টো বন কৰ্মী, স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ উভতাই নিবলৈ সক্ষম হয়।

    Photo Credit: Riki Das

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং