29 C
Guwahati
Wednesday, September 28, 2022
More

    পুনৰ অশান্ত হৈ পৰিছে অৰুণাচলৰ নাহৰলগুন

    এজন অনা অৰুণাচলী যুৱকৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি বুধবাৰে নাহৰলগুনত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ। হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবীত অনা অৰুণাচলী লোকে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ

    ৰাজপথলৈ ওলাই আহিছে হাজাৰ-হাজাৰ অৰুণাচলী। অৰুণাচলীৰ প্ৰতিবাদত স্তব্ধ নাহৰলগুনৰ সাধাৰণ জনজীৱন। বুধবাৰে অনা অৰুণাচলী লোকে ৰাজপথত প্ৰতিবাদ কৰাৰ পিছত আজি অনা অৰুণাচলীৰ বিৰুদ্ধে অৰুণাচলী লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ।

    উল্লেখ্য যে এজন অনা অৰুণাচলী যুৱকৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি বুধবাৰে নাহৰলগুনত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ। হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবীত অনা অৰুণাচলী লোকে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ।

    ঘটনাটোক লৈ আজিও অব্যাহত ৰাখে প্ৰতিবাদী কাৰ্যসূচী। অনা অৰুণাচলী লোকে বন্ধ ৰাখিছিল দোকান-পোহাৰ কিন্তু ইয়াৰ বিৰুদ্ধে আকৌ অৰুণাচলী লোকে সাব্যস্ত কৰে প্ৰতিবাদ।

    ৰাজপথলৈ ওলাই আহে হাজাৰ অৰুণাচলী লোক। বন্ধ কৰি ৰখা দোকানসমূহ বলপূৰ্বকভাৱে খুলি দিয়ে অৰুণাচলী প্ৰতিবাদকাৰীয়ে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়া। সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অব্যাহত ৰাখিছে চেষ্টা।

    Photo : Hasinur Alom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং