12.5 C
Guwahati
Saturday, January 29, 2022
More

    ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবে এটা পৰিয়ালক কৰিলে এঘৰীয়া; পৰিয়ালটোৱে চলাই আত্মহত্যাৰ অপচেষ্টা

    ইফালে ফাৰ্ম খোলাৰ বাবে শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰিলে পৰিয়ালটোক

    পুনৰ বিতৰ্কত শংকৰদেৱ সংঘ। ব্ৰইলাৰ ফাৰ্ম খোলাৰ অপৰাধত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত এটা পৰিয়াল।

    মুম্বাইৰ পৰা উভতি আহি অসমত সংস্থাপিত হোৱাৰ চেষ্টা চলোৱা যুৱক আৰু পৰিয়ালক কৰিলে এঘৰীয়া।

    লখিমপুৰৰ নাৰায়ণপুৰৰ শিমলুগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কমলপুৰ প্ৰাথমিক শাখাৰ এটি পৰিয়ালৰ পুত্ৰই,

    ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবে প্ৰাথমিক সদস্যৰ পৰাই বহিস্কাৰ হ’বলগীয়া হয়।

    সমান্তৰালভাৱে সমাজেও এঘৰীয়া কৰিছে পৰিয়ালটোক।

    সৰুলৰা বৰা নামৰ লোকজনক এখন পত্ৰযোগে বহিস্কাৰ কৰে শংকৰদেৱ সংঘৰ সভাপতি অমূল্য বৰা আৰু সম্পাদক দিলীপ বৰাই।

    সভাপতি-সম্পাদকৰ স্বাক্ষৰত প্ৰেৰণ কৰা পত্ৰত উল্লেখ থকা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই নিষিদ্ধ কৰি থোৱা পক্ষী পালন (ব্ৰইলাৰ ফাৰ্ম) খোলা বাবে প্ৰাথমিকৰ সাধাৰণ সভাৰ সৰ্বসন্মতি ক্ৰমে লোৱা প্ৰস্তাৱ অনুসৰি,

    পৰিয়ালটোক সাময়িকভাবে প্ৰাথমিক শাখাৰ সহযোগৰ পৰা বিৰত কৰে।

    এই পত্ৰ পৰিয়ালটোলৈ প্ৰেৰণ কৰাৰ লগতে আঞ্চলিক শাখালৈও প্ৰেৰণ কৰে।

    ঘৰৰ পৰা ১ কিঃমি দূৰত এখন সাধাৰণ ব্ৰইলাৰ ফাৰ্ম খুলি গাঁৱৰ পৰা এঘৰীয়া হ’ব লগা হোৱা বাবে পৰিয়ালটো মৰ্মাহত হয় আৰু আত্মহত্যাৰো অপচেষ্টা চলায়।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং