12.5 C
Guwahati
Saturday, January 29, 2022
More

    মীন পালন পাপ! ব্ৰাহ্মণ্য সমাজে এঘৰীয়া কৰিলে এটা পৰিয়াল

    এইবাৰ শংকৰ সংঘ নহয়, ব্ৰাহ্মণ্য সমাজৰ পৰা এঘৰীয়া হল এটা পৰিয়াল। সমাজখনৰ মতে মীন পালন কৰিয়েই মহাপাপ কৰিলে পৰিয়ালটোৱে।

    মীন পালনেৰে স্বাৱলম্বী হব খোজা অসম চৰকাৰৰ ৰাজ্যিক বঁটাপ্ৰাপক দুই ভাতৃ সহ পাঁচ জনীয়া এটা পৰিয়াল বিতাড়িত হ’ব লগা হ’ল সমাজৰ পৰা।

    অতিকে নিৰ্লজ্য এই ঘটনা লখিমপুৰৰ পানীগাওঁ কুঁহিয়াৰবাৰীৰ।

    শিমলুগুৰি নতুন নামঘৰ সমাজে মীন পালনৰ বাবেই এঘৰীয়া কৰিলে কুঁহিয়াবাৰীৰ লক্ষ্যজিত কলিতা আৰু দেৱজিত কলিতা নামৰ দুই ভাতৃ সহ পৰিয়ালটোক।

    প্ৰথমে ২০১৭ চনত ব্ৰয়লাৰ ফাৰ্ম আৰম্ভ কৰিছিল শিক্ষিত এই দুই ভাতৃয়ে।

    তিনিটা বছৰে ব্ৰয়লাৰৰ ব্যৱসায় কৰি সমাজৰ পৰা বিতাড়িত হৈ থাকি পৰৱৰ্তী সময়ত এই ব্যৱসায় বন্ধ কৰি তেওঁলোকে পুনৰ লগ লৈছিল সমাজত।

    পিছে এইবাৰ আকৌ বিপদত পৰিল মীন পালন আৰু বিক্ৰীক লৈ।

    ব্ৰয়লাৰৰ সমান্তৰালভাবে ২০১৪ চনৰ পৰাই এই দুই ভাতৃয়ে আৰম্ভ কৰিছিল মীন পালন।

    শেহতীয়াভাৱে ২২ বিঘা মাটিৰ সৰু বৰ পুখুৰী সমূহত পোনা উৎপাদন আৰু বিক্ৰীৰে স্বাবলম্বী হৈছে লক্ষ্যজিত আৰু দেৱজিত।

    ইয়াৰ যোগেদি অসম চৰকাৰৰ ৰাজ্যিক বঁটাও লাভ কৰিছে লক্ষ্যজিতে।

    পুনৰ শিমলুগুৰী নতুন নামঘৰ সমাজৰ ৰোষত পৰিল এই পৰিয়ালটো।

    বিগত বহু দিন ধৰি ইয়াৰ বাবেই এতিয়া সমাজে এঘৰীয়া কৰি ৰাখিছে এই পৰিয়ালটোক।

    যাৰ বাবেই মানসিক হাৰাশাস্তিৰে দিন পাৰ কৰিব লগা হৈছে তেওঁলোকে।

    Photo Credit:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং