তিতাবৰত বিষাক্ত কাঠফুলা খাই মৃত্যু এজন লোকৰ আৰু গুৰুতৰভাৱে অসুস্থ এজন লোক। এই ঘটনা সংঘটিত হৈছে তিতাবৰ চৰিয়া পথাৰ মিছিং গাঁৱত। একেটা পৰিয়ালৰ এজনৰ মৃত্যু আৰু আনজন চিকিৎসাৰ অভাৱত ঘৰতে জীৱন-মৃত্যুৰ সৈতে যুঁজিছে। কাঠ ফুলা খাই মৃত্যু হোৱা যুৱক জনৰ নাম কিৰণ পলং আৰু গুৰুতৰভাৱে অসুস্থ হোৱা লোকজনৰ নাম মহিপাল পলং।
নিজৰ ঘৰৰ বাগিচাৰ পৰা তুলি নি ৰান্ধি খাইছিল এই বিষাক্ত কাঠফুলা। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে। উল্লেখ্য যে বিগত কেইবাদিনো ধৰি বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ বহু লোক আৰু এইপৰ্যন্ত ৪জন লোকে প্ৰাণ হেৰুৱাইছে।
Photo Credit: ardsassam.com