বিশ্বনাথ চাৰিআলিৰ সোনাপুৰ বস্তিত শোকাৱহ ঘটনা ৷ চাহ-বাগিচাত ব্যৱহাৰ কৰা কীটনাশক ঔষধ সেৱন কৰি এটি শিশুৰ মৃত্যু। সংকটজনক অৱস্থাত আন এটি শিশুক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ থাইমেট নামৰ এবিধ কীটনাশক দ্ৰব্য সেৱন কৰাৰ বাবেই সংঘটিত হ’ল এই ঘটনা।
ব্যক্তিগত চাহ-বাগিচাত ব্যৱহাৰ হয় এই কীটনাশকবিধ৷ পানীত মিহলাই শিশু দুটিয়ে সেৱন কৰিছিল৷ ৪টা শিশুৱে খেলি থকা অৱস্থাত সংঘটিত হয় এই কৰুণ ঘটনা৷ দুটি শিশুৱে কীটনাশক দ্ৰব্যবিধ সেৱন কৰিলে যদিও দুটি শিশুৱে সেৱন কৰা নাছিল। নিহত শিশুটিৰ নাম ৰাহুল ক’ল (৮) আৰু সংকটজনক অৱস্থাত থকা শিশুটিৰ নাম আকাশ গুৱালা(৬)।
Photo: Time8