12.5 C
Guwahati
Saturday, January 29, 2022
More

    পহিলা বহাগত ডিব্ৰুগড়ত গৃহহীন লোকক জলপান খোৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    ডিব্ৰুগড় খনিকৰস্থিত মাল্টিপাৰপজ হলত জিলা প্ৰশাসনে লক ডাউনৰ বাবে অস্থায়ীভাৱে গৃহহীনসকলক আশ্ৰয় প্ৰদান কৰি ৰাখিছে

    লক ডাউনৰ মাজতে পহিলা বহাগৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলপান খুৱালে গৃহহীন লোকক। গৃহহীন লোকসকলক সাক্ষাৎ,কৰি,জলপান খুৱাই মুখ্যমন্ত্ৰীৰ বহাগ বিহু উদযাপন এইবাৰ।ডিব্ৰুগড় খনিকৰস্থিত মাল্টিপাৰপজ হলত জিলা প্ৰশাসনে লক ডাউনৰ বাবে অস্থায়ীভাৱে গৃহহীনসকলক আশ্ৰয় প্ৰদান কৰি ৰাখিছে। এইসকল গৃহহীন,নিচলা লোকক সাক্ষাৎ কৰি, মুখ্যমন্ত্ৰীয়ে জলপান বিতৰণ কৰি মত বিনিময়ো কৰে। লগতে বুজ লয় সেই সকল লোকৰ স্বাস্থ্যৰ।

    উল্লেখ্য যে,লক ডাউনৰ সময়চোৱাত ডিব্ৰুগড় জিলাৰ পদপথ তথা ৰাজহুৱা স্থানত বাস কৰা দুখীয়া, নিচলা আৰু গৃহহীন লোকৰ লগতে মানসিকভাৱে বাধাগ্ৰস্ত লোকসকলে যাতে খাদ্য অভাৱ বা আন কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত অস্থায়ীভাৱে খনিকৰত পুৰুষৰ বাবে স্থাপন কৰিছিল এটা আশ্ৰয় গৃহ।

    য’ত প্ৰায় শতাধিক অঘৰী লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে।পুৱা মুখ্যমন্ত্ৰীয়ে এখন সংবাদ মেল সম্বোধন কৰিয়েই উক্ত আশ্ৰয় গৃহৰ লোকসকলৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী। লগতে মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকঘৰ সামৰ্থবান লোকক এই দুৰ্যোগপূৰ্ণ অৱস্থাত কাষৰ দৰিদ্ৰ পৰিয়ালক পাৰ্যমানে অন্ন বা আন অতি প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ অনুৰোধ জনাই।ইফালে সংবিধান প্ৰণেতা ডা: ভীমৰাও ৰামজী আম্বেদকাৰৰ পৱিত্ৰ জন্ম দিন উপলক্ষেও মুখ্যমন্ত্ৰীয়ে বন্তি জ্বলাই, পুষ্প মাল্যৰে তেওঁক স্মৰণ কৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং