ডকাইতৰ ৰূপত লখিমপুৰৰ এনফৰ্চমেণ্ট বিষয়া। গাড়ী ধৰাৰ ভাবুকিৰে ধন দাবী ডাম্পাৰ চালকক। মাহত প্ৰতিখন গাড়ীৰ চালকৰ পৰা বিষয়াজনে বিচাৰে ৪ হাজাৰ টকা। ‘অহা মাহৰ ৫ তাৰিখৰ ভিতৰত দুয়োখন গাড়ীৰে ৪ হাজাৰ টকাকৈ নিদিয়, আকৌ ধৰিম গাড়ী, আকৌ ধৰিলে তোক বাৰ বজাই দিম।’- লখিমপুৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত ডাম্পাৰ চালকক ভাবুকিৰে ধন দাবী এনফৰ্চমেণ্ট বিষয়া পলাশ হাজৰিকা আৰু ৰাজেন পাংগিঙৰ। On Camera এনফৰ্চমেণ্ট বিষয়াদুগৰাকীয়ে কৰে ধন দাবী।
বৈধভাৱে শিল ভৰ্তি ডাম্পাৰ ৰাজপথৰ পৰা জব্দ কৰি অভাৰ লোডিঙৰ দোহাই দি ২০ হাজাৰ টকা দাবী কৰে এনফৰ্চমেণ্ট বিষয়াই। শনিবাৰে লখিমপুৰৰ হাৰমতিত শিলভৰ্তি এখন ডাম্পাৰ ধৰি চালান কটাৰ পৰিৱৰ্তে ১৮ হাজাৰ টকাৰ দাবী কৰি কাৰ্যালয়ৰ চালকৰ দ্বাৰা ১৫ হাজাৰ টকা আদায় কৰে।
বৈধভাৱে সকলো কাগজ থকাৰ পিছতো অশ্লীল গালি-গালাজেৰে মাহেকীয়া দাবী কৰে। আজি আদায় কৰিলে ১৫ হাজাৰ টকা।