24 C
Guwahati
Wednesday, November 24, 2021
More

    বাইক ক্ৰয় কৰিবলৈ গৈ OLXত প্ৰৱঞ্চনাৰ বলি হ’ল তামুলপুৰৰ এজন যুৱক

    বাক্সাৰ তামুলপুৰত প্ৰৱঞ্চকৰ বলি যুৱক। ভাৰতীয় সেনা বাহিনীৰ নাম , ফটো আৰু বাহনেৰে ক্ৰেতাক বিশ্বাস জন্মাই লুট-ৰাজ আৰম্ভ কৰিছে প্ৰৱঞ্চক চক্ৰই।

    OLX ত ঠগ প্ৰৱঞ্চকৰ দৌৰাত্ম্য । ভাৰতীয় সেনাৰ নাম লৈ ঠগিলে বাক্সাৰ যুৱকক।

    আপুনিও OLX ত সামগ্ৰী ক্ৰয় কৰে নেকি? তেন্তে সাৱধান হওক।

    আপুনিও হ’ব পাৰে প্ৰবঞ্চনাৰ বলি। খালী হ’ব পাৰে আপোনাৰ বেংকৰ সাচতীয়া ধন।

    বিভিন্ন কৌশলেৰে প্ৰৱঞ্চকে আপোনাক আকৰ্ষিত কৰি লুটিব পাৰে আপোনাৰ বেংকত জমা ৰখা সমুদায় ধন।

    এইবাৰ ভাৰতীয় সেনাৰ নামত জাল পেলাই নাটক ৰচনা কৰি প্ৰৱঞ্চকে তামুলপুৰৰ যুৱক ভাস্কৰজ্যোতি দাসৰ পৰা লুটিলে ২৭ হাজাৰ টকা।

    উল্লেখ্য যে মঙলবাৰে প্ৰৱঞ্চকৰ দলটোৱে OLX যোগে এখন য়ামাহা বাইক বিক্ৰীৰ বাবে বিজ্ঞাপন দিছিল।

    সেই মৰ্মে তামুলপুৰৰ যুৱক ভাস্কৰজ্যোতি দাসে যোগাযোগ কৰাত এগৰাকী সেনা বিষয়াৰ বাইক বুলি জানিব দিয়ে আৰু

    বিষয়াগৰাকী ৰাজস্থানলৈ বদলি হোৱা বাবে বাইকখন বিক্ৰী কৰিব বুলি জনায় চক্ৰটোৱে।

    সেই অনুসৰি নাৰেংগী সেনা শিৱিৰৰ পৰা ভাৰতীয় সেনাৰ গাড়ীত বাইকখন যুৱক জনৰ তামুলপুৰৰ ঘৰত কুৰিয়াৰ সেৱা যোগে পঠাই দিব বুলি কয়।

    ইয়াৰ লগতে প্ৰৱঞ্চকৰ দলটোৱে বিভিন্ন নথি-পত্ৰ, সেনা জোৱানজনৰ ফটো, কুৰিয়াৰ সেৱাৰ সেনাৰ গাড়ীসহ সেনা বাহিনীৰ লোকৰ ফটো যুৱকজনৰ হোৱাটছএপত প্ৰেৰণ কৰি যুৱকজনক পতিয়ন নিয়ায়।

    আৰু মঙলবাৰৰ দিনটোৰ ভিতৰতে বিভিন্ন কৌশলেৰে মুঠ ২৭ হাজাৰ টকা যুৱকজনৰ পৰা সৰকাই শেষত চক্ৰটোৱে ফোনৰ যোগাযোগ বন্ধ কৰি দিয়ে।

    এনেকৈয়ে ভাৰতীয় সেনাৰ নাম লৈ ব্লেক মেইলিং কৰি প্ৰৱঞ্চকৰ দলটোৱে যুৱকজনৰ পৰা লুটিলে ২৭ হাজাৰ টকা।

    Photo:Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং