মুহুৰ্ততে অহা ধুমুহাই কাল ৰূপ ধাৰণ কৰিলে ৰাজ্য়ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিস্তৰ ক্ষতিসাধন কৰিলে এই ধুমুহাই। দেশত দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভণিৰ দিনটোতেই এইদৰে ৰাজ্যত আহে ধুমুহা।
নিজ চকুৰে নেদেখিলে বিশ্বাস কৰা টান এই ধুমুহাৰ গতি কিমান। এক ভিডিঅ’ত দেখা পোৱা গৈছে ধুমুহাৰ কাল সংহাৰী ৰূপ। মুহুৰ্ততে ভাঙি পেলাইছে গুৱাহাটীৰ পুৰণি জেলৰ দেৱাল। মহানগৰীৰ ফাঁচী বজাৰত আছে এই জেল।