27 C
Guwahati
Monday, November 29, 2021
More

    তিনিচুকীয়াৰ মাকুমত পাইপ ফুটি অহৰহ ওলাইছে তেল

    কোনো দুষ্কৃতিকাৰীয়ে নিশা তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰাৰ ফলতে সংঘটিত হৈছে এই ঘটনা

    তিনিচুকীয়াৰ মাকুমৰ বেতজান জংঘল লাইনত তৈল পাইপ ফুটি অহৰহ তেল নিৰ্গমন। তেল পাইপ ফুটাৰ ফলত তেলেৰে ভৰি পৰিছে নলা নৰ্দমা।

    বাৰেকুৰিৰ পৰা মাকুম অ চি এছ লৈ তৈল সৰবৰাহ হোৱা পাইপত এই ঘটনা।

    জানিবপৰা মতে কোনো দুষ্কৃতিকাৰীয়ে নিশা তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰাৰ ফলতে সংঘটিত হৈছে এই ঘটনা।

    অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ আতংকময় পৰিৱেশ। সামান্য ফিৰিঙতি পৰিলেও সৃষ্টি হ’ব পাৰে ভয়ংকৰ অগ্নিকাণ্ড।

    বাঘজানৰ দৰেই সমগ্ৰ অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকাত ভুগিছে ৰাইজে।

    অইল ইণ্ডিয়াৰ এনে পাইপ লাইন সমূহৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।

    Photo Credit: @keshab-mahanta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং