27 C
Guwahati
Friday, September 30, 2022
More

    মৰাণৰ খোৱাঙত পিঞ্জৰাৱদ্ধ এটা নাহৰফুটুকী, চাওক ভিডিঅ’

    খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ মেঘা চাহ-বাগিচাৰ এলেকাত দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বাঘটোৱে

    ডিব্ৰুগড়ৰৰ মৰাণৰ খোৱাঙত পিঞ্জৰাৱদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ আহিছিল নাহৰফুটুকীটো। পিঞ্জৰাত বন ৰজাৰ তৰ্জন গৰ্জন। বাঘ চাবলৈ স্থানীয় ৰাইজে ভিৰ কৰে। খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ মেঘা চাহ-বাগিচাৰ এলেকাত দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বাঘটোৱে।

    অৱশেষত বন বিভাগে পতা পিঞ্জৰাত দেওবাৰে পুৱা আৱদ্ধ হয় নাহৰফুটুকীটো। নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ হৈ পৰাত স্বস্তিৰ নিশ্বাস এৰিছে গঞা ৰাইজে। ইতিমধ্যে বন বিভাগৰ লোকে পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং