32 C
Guwahati
Saturday, October 1, 2022
More

    যুৱতীক অশ্লীল ইংগিত দি আৰক্ষীৰ জালত লম্পট বিষয়া

    যুৱতীগৰাকীয়ে পথত খোজকাঢ়ি গৈ থাকিলে লম্পট বিষয়াজনে নিজৰ মোবাইলত ফটো ল'বলৈও চেষ্টা কৰিছিল

    মহানগৰীৰ বামুনীমৈদামৰ অনুৰাধা চিনেমা হলৰ সমীপত এগৰাকী কিশোৰীক অশ্লীল ইংগিত দি আৰক্ষীৰ জালত এজন চি পি ডব্লিউৰ বিষয়া। ধৃত বিষয়াজনৰ নাম তপন চৌধুৰী।

    উল্লেখ্য যে বামুনীমৈদামৰ অনুৰাধা হলৰ সমীপৰ ১০৪ কাৰ্যালয়ৰ এগৰাকী ১৯ বছৰীয়া কিশোৰী কৰ্মচাৰীক চি পি ডব্লিউ ডিৰ বিষয়া তপন চৌধুৰীয়ে অনুসৰণ কৰি বিগত এবছৰ ধৰি অশ্লীল প্ৰস্তাৱ দি আহিছিল। যুৱতীগৰাকীয়ে পথত খোজকাঢ়ি গৈ থাকিলে লম্পট বিষয়াজনে নিজৰ মোবাইলত ফটো ল’বলৈও চেষ্টা কৰিছিল।

    তপন চৌধুৰীৰ এই জঘন্য কাণ্ডত যুৱতী কৰ্মচাৰীগৰাকীয়ে অফিচলৈ আহিবলৈ বন্ধ কৰি দিছিল। কিছুদিন পূৰ্বে তপন চৌধুৰীয়ে চিটী বাছৰ পাছফালৰ আসনত বহি তেওঁৰ প্ৰস্তাৱ মানি নল’লে যুৱতীগৰাকীক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল। যুৱতীগৰাকীয়ে লগে লগে চিঞৰ বাখৰ কৰাত তপন চৌধুৰীয়ে চিটি বাছৰ পৰা জাপ দি পলায়ন কৰিছিল।

    ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে চানমাৰী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট তপন চৌধুৰীক গ্ৰেপ্তাৰ কৰে। যুৱতীগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৫৪ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং