25 C
Guwahati
Wednesday, October 20, 2021
More

    মহৰমৰ দিনটোত ডিৱ্ৰুগড়ৰ ৰাজপথত গুণ্ডাৰাজ, মাৰণাস্ত্ৰ প্ৰদৰ্শন তাজিয়াত অংশগ্ৰহণকাৰীৰ

    ডিব্ৰুগড় আৰক্ষীৰ সন্মুখতে সংঘটিত ৰাজপথত উদ্ভণ্ডালি চলোৱা কাৰ্য

    মঙলবাৰে মহৰম উপলক্ষে ডিৱ্ৰুগড়ত দেখা গ’ল একাংশৰ চৰম উদ্ভণ্ডালি। তাজিয়াত অংশগ্ৰহণকাৰীসকলে মুকলিকৈ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে কেইবাখনো বাহনৰ আইনা ভাঙি চুৰমাৰ কৰিলে। পথৰ এটিয়ছ ক্ৰছৰ কাষত ৰখাই থোৱা অৱস্থাত ভাঙিলে গাড়ীৰ আইনা।

    সমগ্ৰ ঘটনা CCTVত বন্দী হোৱাৰ লগতে বহুতৰে মোবাইলতো বন্দী হৈ ৰ’ল। এই সমগ্ৰ ঘটনা ঘটিছিল ডিৱ্ৰুগড় আৰক্ষীৰ সন্মুখতে। প্ৰীতপাল সিঙৰ হোণ্ডাই ইয়ন আৰু দীপজ্যোতি বসুৰ বাহনৰ লগতে আন কেইবাখনো বাহনত ক্ষতি কৰে পৰম্পৰাৰ নামত এইদৰে ৰাজপথত উদ্ভণ্ডালি চলোৱা একাংশই। ক্ষতিসাধন কৰা গাড়ীৰগৰাকীয়ে ডিব্ৰুগড় আৰক্ষী থানাত তৰে গোচৰ।

    এই ঘটনাৰ পিছতে ছচিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিভিন্নজনে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ঘটনাক কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য কৰে।

    আনহাতে ডিব্ৰুগড়ৰ তাজিয়া উৎযাপন কমিটিয়ে এয়া অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তাজিয়াৰ সময়ত এচাম দুষ্ট চক্ৰই বদনাম কৰিবৰ বাবেই এনে ঘটনা সংঘটিত কৰিলে বুলি মন্তব্য কৰে। যি সকলে এনে ঘটনা কৰিলে চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ দাবী কৰিছে।

    তাজিয়া উৎযাপন কমিটিৰ সভাপতি, হাইদৰ আলী

    তাজিয়াত একাংশই চলোৱা উদ্ভণ্ডালিৰ ভিডিঅ’:

    video credit: Bijoy Krishna Borah (Facebook)
    video credit: Bijoy Krishna Borah (Facebook)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং