26 C
Guwahati
Tuesday, October 4, 2022
More

    ঢেকিয়াজুলিত ৭ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ

    কিশোৰীগৰাকীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে পেটত হানি-খুচি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ স্থানীয় একাংশৰ

    ঢেকিয়াজুলিত মনুজুলীৰ পথাৰত পৰিত্যক্ত অৱস্থাত ৭ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ। কোনো দুৰ্বৃত্তই কিশোৰীগৰাকীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে পেটত হানি-খুচি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ স্থানীয় একাংশৰ।

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বুধবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে কিশোৰীগৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। মৃতদেহৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট।

    নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সন্থাই। ঘটনাস্থলীত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷

    Photo Credit: dhakatribune.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং