কৰ’ণা ভাইৰাছৰ বিৰূদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ বৰঙনি আগবঢ়ানলৈ জনোৱা সঁহাৰিৰ পৰিপ্ৰেক্ষিতত আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্থাই আজি স্বাস্হ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ২ লাখ ৪৩ হাজাৰ তিনিশ টকাৰ এখন ড্ৰাফ্ট প্ৰদান কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে এক পত্ৰযোগে উল্লেখ কৰে যে সমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত স্বাস্হ্য মন্ত্ৰীগৰাকীয়ে যি ব্যতিক্ৰমী তৎপৰতা, দক্ষতা, মানৱীয়তা আৰু সেৱাৰ মনোভাৱ দাঙি ধৰিছে সেয়া এই চিকিৎসাৰ লগত জড়িত লোকসকলৰ উদ্গনি দিয়াৰ লগতে সৰ্বসাধাৰণৰ মনতো চৰকাৰৰ প্ৰতি থকা বিশ্বাসক বহুগুণে বৃদ্ধি কৰিছে।
এই কঠিন সময়ত দেশ আৰু স্বজাতিৰ প্ৰতি থকা কৰ্তব্যৰ কথা মনত ৰাখি অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকল্পত বৰ্তমানে নিয়োজিত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলক লৈ গঠিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সংস্থাৰ সদস্যসকলে বৰঙনি তুলি এই অৰিহণা আগবঢ়াই৷ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ কিছুসংখ্যক কৰ্মচাৰী, জিলাভিত্তিক জিলা প্ৰকল্প পৰ্যৱেক্ষকসকল, চক্ৰ প্ৰকল্প, পৰ্যৱেক্ষকসকল আৰু কনিষ্ঠ সহকাৰী সমন্বিতে গঠিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্হাৰ মুঠ ৩৮১ জন কৰ্মচাৰীয়ে এই ধনৰাশি অসম আৰোগ্য নিধিলৈ ড্ৰাফট নং ৮৮৮৭৬৮ তাৰিখ ১৭/০৪/২০২০ যোগে স্বাস্হ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে৷
এক পত্ৰৰ যোগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্মচাৰীসকলেও এনে কঠিন সময়ত সাধ্যানুসৰি চৰকাৰৰ সকলো কামকাজত সহযোগ কৰিবলৈ প্ৰস্তুত থকাৰ কথাও উল্লেখ কৰে৷
Photo credit: Himanta Biswa Sarma(Twitter)