27 C
Guwahati
Sunday, October 2, 2022
More

    NRC বিজেপিয়ে বিশ্বাস নকৰে, NRC কোনো জাতীয় দলিল নহয়ঃ হিমন্ত বিশ্ব শৰ্মা

    বিজেপিয়ে CAB আনিব, ডিচেম্বৰ মাহত আহিব বিল, ফলত ২০১৪ চনত বাংলাদেশৰ পৰা অহা নিৰ্যাতিত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানলোকে থাকিব পাৰিব ভাৰতত, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

    ভাৰতীয় জনতা পাৰ্টীয়ে এনআৰচি বিশ্বাস নকৰে। দেশৰ সৰ্বোচ্চ আদালতত গোচৰ হ’লে বিজেপিয়ে ক’ব। যি কাৰণত NRC প্ৰস্তুত কৰা হৈছিল সেয়া হোৱা নাই। NRC কোনো জাতীয় দলিল নহয়। ভাৰতত নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ নেতৃত্বত আকৌ এবাৰ NRC হ’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

    দীৰ্ঘদিনৰ অন্তত সোমবাৰে কৰিমগঞ্জত উপস্থিত হয় স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে সভা আছিল চৰকাৰী। কিন্তু ৰাতাবাড়ি উপ-নিৰ্বাচনৰ বাবে বাতিল কৰিব লগা হয় চৰকাৰী অনুষ্ঠান। পিছত জিলা পুথিভড়ালত অনুষ্ঠিত হয় দলীয় সভা।

    বিজেপিয়ে CAB আনিব, ডিচেম্বৰ মাহত আহিব বিল, ফলত ২০১৪ চনত বাংলাদেশৰ পৰা অহা নিৰ্যাতিত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানলোকে থাকিব পাৰিব ভাৰতত, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰীগৰাকীৰ মতে হিন্দু হৈছে সনাতন। ৫০০০ বছৰ আগত বেদত উল্লেখ আছে ভাৰত যেতিয়া সনাতন ধৰ্ম শেষ হৈ যাব তেতিয়া ভাৰতৰ অস্বিত্ব নষ্ট হ’ব বুলি মত প্ৰকাশ মন্ত্ৰীগৰাকীৰ।

    অসমত AIUDF, PFIৰ সাম্প্ৰদায়িক বিহ বাষ্প বিয়পাৰ কথা উল্লেখ কৰে মন্ত্ৰীয়ে। অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, দিলীপ পাল আৰু সাংসদ কৃপানাথ মাল্লা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং