19 C
Guwahati
Saturday, January 22, 2022
More

    আৰক্ষীয়ে নহয় ওলোটাই লকডাউন ভংগকাৰীয়েহে আৰক্ষীক পিটিলে লংকাত

    বিয়লি পাচঁমান বজাত সংঘটিত হয় এই ঘটনা

    সমগ্ৰ দেশতে লকডাউন হৈ থকাৰ মাজতে বহু ঠাইত পৰিলক্ষিত হৈছে লকডাউন ভংগকাৰী৷ আৰক্ষীয়ে উচিত শাস্তিও দিছে বহু লকডাউন ভংগকাৰীক৷ পিছে এইবাৰ হ’ল কিছু ওলোটা৷লকডাউন ভংগকাৰীয়ে ওলোটাই পিটন দিলে আৰক্ষীক৷

    এই ঘটনা সংঘটিত হৈছে লংকাৰ কাকীত৷ জনতাৰ জীৱন ৰক্ষাৰ বাবে দিন ৰাতি একাকাৰ কৰা আৰক্ষীকো ৰেহাই নিদিলে এচাম লোকে৷ আজি লংকাৰ কাকীত আইন উলাংঘাই নহয় আৰক্ষীক প্ৰহাৰ কৰিলে এজন লোকে৷

    আজি বিয়লি পাচঁমান বজাত কাকী আৰক্ষীযে তহল দি থকাৰ সময়তে কাকী হাম্ফুজানত মুকুট শৰ্মা নামৰ এজন যুৱকে বাইক চলাই আহি থকাৰ সময়তে আৰক্ষীয়ে সোধপোছৰ বাবে ৰখাই যুৱকক৷ তেনে সময়তে যুৱক জনে চিঞৰ বাখৰ কৰি পৰিয়ালৰ সকলোকে ওলাই আহিব দিয়ে৷

    ইয়াৰ পাছতেই পৰিয়ালৰ একাংশওলাই আহি আৰক্ষীৰ লগত বাকযুদ্ধত লিপ্ত হয়৷ লগতে যুৱকজনৰ ভাগিনীয়েক এজনীয়ে কাকী থানাৰ অচিক শাৰিৰীক ভাৱে অপদস্ত কৰাৰ লগতে মুকুট শৰ্মাই থানাৰ গাড়ীচালক নৃপেন কোছক মাৰধৰ কৰে বুলি জানিবলৈ পোৱা গৈছে৷

    Photo Credit: @biswajit-chakraborty

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং