29 C
Guwahati
Saturday, October 23, 2021
More

    ডিস্ক’ভাৰী চেনেলত নহয়, কাজিৰঙাত পৰ্যটকে দেখিলে বাঘৰ গৰু চিকাৰৰ LIVE দৃশ্য

    সমগ্ৰ দৃশ্য বন্দী হ’ল পৰ্যটক লৈ যোৱা জীপছী গাড়ীৰ এজন চালকৰ কেমেৰাত

    কাজিৰঙাত গড় চাবলৈ গৈছিল পৰ্যটকে। পিছে গড় দেখাৰ লগতে দেখিলে কিছু মন ৰোমাঞ্চিত কৰা দৃশ্য। যি দৃশ্য আমি বা আপুনি সাধাৰণতে দেখো টিভিৰ ডিস্ক’ভাৰী চেনেলত। বাধে চিকাৰ কৰাৰ দৃশ্য।

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুপ্ৰৱেশ কৰা একাংশ ঘৰচীয়া জীৱজন্তুৰ চিকাৰ বাঘৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা এজাক গৰু বাঘৰ আক্ৰমনৰ লক্ষ্য হোৱাৰ দৃশ্য বন্দী হ’ল পৰ্যটক লৈ যোৱা জীপছী গাড়ীৰ এজন চালকৰ কেমেৰাত৷ পৰ্যটক সকলেও লাইভ দেখিলে বাঘৰ গৰু চিকাৰৰ দৃশ্য।

    বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো কোনো এলেকাত ঘৰচীয়া জীৱজন্তুৰ অবাধ বিচৰণে ৰাষ্ট্ৰীয় উদ্যান খনত সমস্যাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাত আছে প্ৰায় ১০ হাজাৰ লোকৰ বসতি পূৰ্ণ গ্ৰামাঞ্চল৷

    প্ৰধানত কৃষিজীৱী এই গ্ৰামাঞ্চলৰ লোক সকলৰ উপাৰ্জনৰ অন্যতম সম্বল হ’ল পশুধন সমূহ৷ বিপৰীতে গ্ৰামাঞ্চল সমূহত অভাৱ পশুধনৰ চৰণীয়া পথাৰ৷ গতিকে গাঁওবাসীয়ে মুকলি কৰি দিয়া পশুধন সমূহৰ একাংশ চৰিবৰ বাবে প্ৰবেশ কৰে ৰাষ্ট্ৰীয় উদ্যানত৷ যিটো বন্যপ্ৰাণী আৰু ঘৰচীয়া জীৱজন্তু উভয়ৰে বাবে ক্ষতিকাৰক৷

    কাৰণ ঘৰচীয়া জীৱজন্তুৰ পৰা যিকোনো বেমাৰৰ বিজানুৰ বন্যপ্ৰাণীলৈ সংক্ৰমন হোৱাৰ সম্ভাৱনাৰ লগতে বন্যপ্ৰাণীৰ পৰা বেমাৰৰ বিজানু ঘৰচীয়া জীৱজন্তুৰ মাজেৰে মানুহলৈও সংক্ৰমিত হ’ব পাৰে৷ অৱশ্যে বনবিভাগে ইয়াৰ প্ৰতিষেধক হিচাপে প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ পশুধনৰ টিকাকৰণ কৰি আহিছে যদিও সেয়া সন্পূৰ্ণ নিৰ্ভৰ যোগ্য নহয়৷

    কিয়নো ২০১৮ চনত প্ৰাদুৰ্ভাৱ হোৱা ব্লেক কোৱাৰ্টাৰ নামৰ ৰোগত ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চলত বহু পশুধনৰ মৃত্যু হৈছিল৷ এই ৰোগ বন্যপ্ৰাণীলৈও সংক্ৰমন হোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰকৃতি প্ৰেমীয়ে৷ তদুপৰি বহু পশুধন বাঘৰ আক্ৰমনৰ বলিও হৈছে৷ এনে ক্ষেত্ৰত গ্ৰামাঞ্চলৰ লোকৰ পশুধনৰ বাবে চৰণীয়া পথাৰৰ ব্যৱস্থা কৰিলেহে এই সমস্যাৰ সামাধান কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে বনবিভাগে৷

    Photo And Visual Credit: time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং