24 C
Guwahati
Wednesday, January 12, 2022
More

    Breaking: সাৱধান অসম; মণিপুৰ পালেহি কৰ’ণা

    মণিপুৰৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই মাৰাত্মক ভাইৰাছবিধ ধৰা পৰিছে

    সাৱধান হওক অসমবাসী। নিজৰ লগতে পৰিয়াল তথা ৰাজ্যখনক বচাবলৈ সুৰক্ষিত পদক্ষেপ গ্ৰহণ কৰক। মণিপুৰ পালেহি কৰ’ণা ভাইৰাছ। ইমানদিনে উত্তৰ-পূৰ্বাঞ্চলত এটাও কৰ’ণা ভাইৰাছৰ ঘটনা পোহৰলৈ অহা নাছিল কিন্তু উত্তৰ-পূৱৰ প্ৰথম মণিপুৰৰ ঘটনাটোৱে সকলোকো চিন্তিত কৰি তুলিছে।

    মণিপুৰৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই মাৰাত্মক ভাইৰাছবিধ ধৰা পৰিছে । অলপতে তেওঁ য়ুকেৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীক বৰ্তমান ইম্ফলস্থিত JNIMSত ৰখা হৈছে।

    ইফালে যুৱতীগৰাকীৰ সংস্পৰ্শলৈ অহা ২৩ গৰাকী লোকক এই পৰ্যন্ত আছুতীয়াকৈ নিৰীক্ষণত ৰখা বুলি জানিব পৰা গৈছে।

    শেহতীয়াকৈ পোৱা এক নিশ্চিত খবৰ অনুসৰি মণিপুৰৰ ছাত্ৰীগৰাকী গুৱাহাটী হৈ যোৱা নাছিল। কলকাতা-আগৰতলা-ইম্ফল হৈ বিমানেৰে গৈছিল।

    Photo Credit: aljazeera.com

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং