33 C
Guwahati
Tuesday, September 27, 2022
More

    জল্পনা-কল্পনাৰ অন্ত, ৰঙা ফিটা কাটি ভুমুকি মাৰিলে কিম জং উনে

    শেষবাৰৰ ১২ এপ্ৰিলত এক অনুষ্ঠানত দেখা পোৱা গৈছিল উনক

    সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ৰাইজৰ মাজলৈ আহিল উত্তৰ কোৰিয়াৰ একছত্ৰী সম্ৰাট কিম জং উন। ৰঙা ফিটা কাটি এটা কাৰখানা উদ্বোধনত ভুমুকি মাৰিলে কিম জং উনে। প্ৰায় তিনি সপ্তাহৰ অন্তত ৰাজহুৱা অনুষ্ঠানত ভুমুকি মাৰিলে একছত্ৰী নায়কগৰাকীয়ে। যি অনুষ্ঠানৰ ফটো এতিয়া সকলোতে ভাইৰেল।

    কেইবাদিনো ধৰি নেতাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত বহু বাতৰি ওলাবলৈ ধৰিছিল। হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা আৰম্ভ কৰি অপাৰেছন, কোমা আৰু শেষত গৈ মৃত্যুৰ বাতৰি পৰ্যন্ত ওলাইছিল নেতাগৰাকীৰ। পিছে এই সকলো সকলো বাতৰি বাৰম্বাৰ নৎসাত কৰি আহিছিল দেশনৰ প্ৰশাসনে।

    তাৰ প্ৰমাণ হিচাপেই কালি দেশখনৰ চৰকাৰী বাতৰি সংস্থা কেছিএনএ প্ৰকাশ কৰিছে কিম জং উনৰ উটো। ফটো সমূহত নেতাগৰাকীক কাৰখানা উদ্বোধনত দেখা পোৱা গৈছে। কিমে এটা নলা নিৰ্মাণকাৰী কাৰখানাৰ উদ্বোধন অনুষ্ঠানত উপস্থিত হৈ ইয়াৰ ফিটা কাটে। ইয়াৰ পূৰ্বে কিম জং উনক শেষবাৰৰ বাবে চলিত বৰ্ষৰে ১২ এপ্ৰিলত এক অনুষ্ঠানত দেখা পোৱা গৈছিল।

    Photo Credit:www.news.com.au

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং