27 C
Guwahati
Monday, November 29, 2021
More

    উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ পৰলোকপ্ৰাপ্তি

    অসমৰ ইছলামীক জগতৰ উজ্জ্বল নক্ষত্ৰ, নিখিল ভাৰত জমিয়তে উলমায়ে হিন্দৰ উপ সভাপতি, উত্তৰ পূৱ ভাৰতৰ আমিৰে শ্বৰিয়ত, শ্বেইখুল হাদীছ(বুখাৰী-প্ৰৱক্তা)- জামিয়া অসম দাৰুল হাদিছ পৰমাইভেটি, তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ আল্লামা হজৰত মৌলানা মুফতি খাইৰুল ইছলাম কিছুদিন ধৰি অসুস্থ হৈ আছিল।

    সংকটজনক অৱস্থাত বুধবাৰে তেখেতক নগাঁও ডিউ কিয়াৰ নাৰ্ছিংহোম (Dew Care Hospital Research Centre)ত ভৰ্তি কৰোৱা হৈছিল।

    আজি ২জুন তাৰিখে পুৱা তেখেতৰ পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুয়ে উত্তৰ-পূৱ ভাৰতৰ মুছলমান সমাজত শোকৰ ছাঁ পেলাইছে।

    ইতিমধ্যে হাজাৰ হাজাৰ শিষ্য আহি উপস্থিত হৈছে দগাওঁ পৰমাইভেটিৰ বাসগৃহত। বিয়লি ৫.১৫ বজাত দগাঁও খেলপথাৰত তেখেতৰ জানাজা নামাজ সম্পন্ন কৰা হব।

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং