সমগ্ৰ বিশ্বতে নৰসংহাৰ চলাই মহামাৰী ৰূপ ধৰা কৰ’ণা প্ৰতিষেধক উলিওৱাৰ বাবে অহৰহ চেষ্টা চলাই আছে বিশ্বৰ সকলো উচ্চ স্তৰৰ চিকিৎসক তথা বৈজ্ঞনিকে।
পিছে বৰ্তমানলৈ পৰা নাই সম্পূৰ্ণৰূপে সফল হ’বলৈ।
কিন্তু এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই। এইখন অসমতে প্ৰতিষেধকো নহয় একেবাৰে ঔষধ ওলাইছে মাৰাত্মক ক’ৰণাৰ।
পিছে ক’ত পোৱা যাব এই ঔষধ। আৰু কিদৰে পোৱা লাভ কৰিব এই ঔষধ।
এই মহামাৰী নিধন কৰা ঔষধ পোৱা যাব লখিমপুৰৰ আব্দুল ৰছিদৰ হাতত। কভিড-১৯ত আক্ৰান্ত পুত্ৰক কৰ’ণা মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিষেধক নহয় একেবাৰে ঔষধ লৈ কভিড হাস্পতালৰ দুৱাৰত লালুকৰ আব্দুল ৰছিদ।

পিছে কি এই ঔষধ! মান চাধা খালে নিঃশেষ হয় ক’ৰণা ভাইৰাছ। হয়, এবিধ চাধা হৈছে মহামাৰী কৰ’ণা নিধন ঔষধ।
আমি কোৱা নাই এই কথা। এই কথা কৈছে লখিমপুৰৰ লালুকৰ আব্দুল ৰছিদ নামৰ এজন লোকে।
কিয় আৱিস্কাৰ এই কৰ’ণা ঔষধ?
লোক জনৰ পুত্ৰ কভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে লখিমপুৰৰ বছাগাওঁস্থিত কভিড হাস্পতালত।
আৰু পুত্ৰৰ বাবে সেয়ে তেওঁ লৈ আহিল এটোপোলা মান চাধা।

তেওঁৰ পুত্ৰ ৰেকিবুদ্দিন ৰছিদ কৰ্মসূত্ৰে আছিল মহাৰাষ্ট্ৰত। পিছে লকডাউনৰ বাবে অৰ্থৰ অভাৱত পৰি মহাৰাষ্ট্ৰৰ পৰা লখিমপুৰলৈ শ্ৰমিক ৰে’ল যোগে উভতি আহে।
উভতি অহাৰ পিছতে কভিড-১৯ পজিটিভ ধৰা পৰে পুত্ৰৰ শৰীৰত আৰু পজিটিভ ওলোৱাৰ লগে লগেই ভৰ্তি কৰা হয় এই চিকিৎসালয় খনত।
আৰু পঢ়ক https://www.time8.in/uk-to-trial-potential-vaccine-on-people-thursday-said-health-minister/
আব্দুল ৰছিদে পুত্ৰৰ বাবে মান চাধাৰ টোপোলা লৈ কভিড হাস্পতালৰ সন্মুখত উপস্থিত হৈয়েই ক’লে এই কথা।
বাংলাদেশৰ মানুহে মান চাধা আৰু বিড়ি খোৱাৰ বাবে হেনো তাত নাই ক’ৰণাৰ সংহাৰ।
মুঠতে আব্দুল ৰছিদৰ এই মন্তব্যই বেছ আমোদ দিলে হাস্পতাল খনৰ কৰ্তব্যত নিয়োজিত নিৰাপত্তাৰক্ষী সকলক।
অৱশ্যে নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয় খনৰ ভিতৰলৈ নিবলৈহে নিদিলে এই মহৌষধ ভাগ।
উল্লেখ্যে যে, এই দৃশ্যই বহুতক ক্ষন্তেকৰ বাবে আমোদ দিলেও একাংশ ভিতৰুৱা গ্ৰামাঞ্চলৰ অশিক্ষিত লোকৰ মাজত এনে ধৰণেই এতিয়াও অব্যাহত আছে অন্ধ বিশ্বাস।
আৰু পঢ়ক https://www.time8.in/coronavirus-medicine-in-marigaon/
সেই কথাকেই পুনৰবাৰ প্ৰমাণ কৰিলে এই ঘটনাই।
বিশ্বৰ চিকিৎসা বিজ্ঞান যি সময়ত মাৰাত্মক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰস্তুত কৰণৰ ক্ষেত্ৰত হাৰ মানিছে।
সেই সময়তো এনে একাংশ অশিক্ষিত, অন্ধবিশ্বাসী লোকে আজিও বুজি উঠা নাই মাৰাত্মক কৰ’ণাৰ ভয়াৱহতা।
সজাগ নহয় ইয়াৰ সংক্ৰমণৰ প্ৰতি।
Photo Credit: @hassinuralom